তুৰ্কীত দেশৰ প্ৰতিনিধিসকলৰ মুখামুখি বৈঠকৰ গুরুত্ব আৰু লক্ষ্য
ইউক্ৰেইনত চলি থকা যুদ্ধৰ অন্ত পেলাবলৈ ইউক্ৰেইন আৰু ৰাছিয়াৰ প্ৰতিনিধি দলৰ মাজত তুৰস্কৰ ইস্তানবুলত এক বৈঠক আৰম্ভ হৈছে। এই শান্তি আলোচনাত তুৰ্কীও জড়িত হৈ আছে। বৈঠকটো তুৰ্কীতেই অনুষ্ঠিত হৈছে।
২০২২ চনৰ ফেব্ৰুৱাৰী মাহত ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ পিছত, দুয়োখন দেশৰ মাজত এইটো প্ৰথমবাৰৰ বাবে মুখামুখি আলোচনা হৈছে। উপস্থিত সাংবাদিকৰ মতে, আলোচনাৰ সময়ত দুয়োটা দলে সৌজন্যতাৰ হাত মিলোৱাৰ ক্ষেত্রতো একেবাৰে গম্ভীৰ অৱস্থাত আছিল।
Original Source: https://assam.nenow.in/first-russian-ukrainian-peace-talks-after-1542-days-of-war-representatives-of-the-two-countries-meet-face-to-face-in-turkey/
Category: আন্ত: ৰাষ্ট্ৰীয়,শীর্ষ সংবাদ
Tags:
Publish Date: 2025-05-16 21:50:00