Not Tiger Shroff! Which Bollywood Star Was the Attacker’s Real Target?
মুম্বাইৰ জুহুত বলীউড অভিনেতা টাইগাৰ শ্ৰফৰ গাড়ীলৈ ১৮ অক্টোবৰ, দেওবাৰে নিশা কৰা গুলীচালনাৰ আঁৰত থকা আচল কাহিনীটো অনুমানতকৈও ভয়ংকৰ বুলিয়েই পোহৰলৈ আহিছে। মুম্বাই আৰক্ষীৰ দাবী অনুসৰি, আক্ৰমণকাৰীৰ মূল লক্ষ্য আছিল আন এজন শীৰ্ষ বলীউড তাৰকা; কিন্তু তেওঁৰ কটকটীয়া নিৰাপত্তাৰ বাবে আক্ৰমণত সফল হ’ব নোৱাৰি তেওঁলোকে শ্ৰফক ‘সহজ লক্ষ্য’ হিচাপে বাছি লৈছিল। ইতিমধ্যে এই গুলীচালনাৰ ঘটনাৰ সৈতে জড়িত তিনিজন অভিযুক্তক ৰাজস্থানৰ কোটাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে।
আৰক্ষীয়ে সদৰী কৰা তথ্য অনুসৰি, ছ’চিয়েল মিডিয়া ইনষ্টাগ্ৰামত অনুৰাগীয়ে আপল’ড কৰা ৰিলছবোৰৰ পৰাই আক্ৰমণকাৰীয়ে গম পাইছিল যে টাইগাৰ শ্ৰফৰ লগত আৰক্ষীৰ কোনো নিৰাপত্তাৰক্ষী নাথাকে। ইয়াৰ পাছতেই তেওঁলোকে অভিনেতাগৰাকীৰ আৰু তেওঁৰ অনুৰাগীৰ ছ’চিয়েল মিডিয়া একাউণ্টসমূহ নিৰীক্ষণ কৰি তেওঁৰ গতিবিধিৰ ওপৰত নজৰ ৰাখিছিল। প্ৰাথমিক জেৰাত উত্থান হৈছে যে বলীউড জগতত সন্ত্ৰাসৰ পৰিৱেশ বিয়পোৱাই আছিল এই আক্ৰমণৰ মূল উদ্দেশ্য, যদিও আৰক্ষীয়ে এতিয়াও এই তথ্যসমূহৰ সত্যতা নিৰূপণ কৰি আছে।
আনহাতে, গেংষ্টাৰ অনিল পণ্ডিতে ছ’চিয়েল মিডিয়াত এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিলেও নিৰাপত্তা সংস্থাসমূহে লৰেন্স বিষ্ণৈৰ আমেৰিকাস্থিত সতীৰ্থ ৰনদ্বীপ মালিকৰ ভূমিকাৰ ওপৰত তদন্ত আৰম্ভ কৰিছে। সূত্ৰৰ মতে, মালিক লৰেন্স আৰু তেওঁৰ ভাতৃ আনমোলৰ অতি ঘনিষ্ঠ। শ্ৰফৰ ওপৰত গুলীচালনা কৰা ৰেহান নামৰ অভিযুক্তজনে কেইমাহমান আগলৈকে মালিকৰ নিৰ্দেশতে কাম কৰিছিল বুলিও জানিব পৰা গৈছে। হাৰিয়ানাৰ সোণিপটৰ আন এটা গুলীচালনাৰ ঘটনাতো মালিক আৰু পণ্ডিতে ৰেহানক দায়িত্ব দিছিল। সিদ্ধু মুছেৱালা হত্যাকাণ্ডৰ পাছত পণ্ডিতে অবৈধ ‘ডাংকি’ পথেৰে কেলিফৰ্ণিয়ালৈ যোৱাৰ দৰে ৰেহানকো একেই ‘আমেৰিকান সপোন’ দেখুওৱা হৈছিল বুলি সূত্ৰই প্ৰকাশ কৰে।
ইফালে, ৰাজস্থানৰ কোটাত ৰে’ল যাত্ৰাৰ মাজতে গ্ৰেপ্তাৰ হোৱা তিনিজন অভিযুক্তক মহাৰাষ্ট্ৰ আৰক্ষীয়ে ৪৮ ঘণ্টাৰ ট্ৰেনজিট ৰিমাণ্ডত লৈছে। স্থানীয় আদালতৰ নিৰ্দেশৰ পাছত নিৰাপত্তাজনিত কাৰণত আৰক্ষীয়ে ‘প্লেন বি’ প্ৰয়োগ কৰি অভিযুক্তকেইজনক নিশাটো কোটাৰ ৰে’লৱে কলনী আৰক্ষী থানাত ৰাখে। পিছদিনা কঠোৰ নিৰাপত্তাৰ মাজেৰে তেওঁলোকক মুম্বাইলৈ লৈ যোৱা হয় বুলি থানাখনৰ ভাৰপ্ৰাপ্ত বিষয়া ৰামস্বৰূপ মীনাই নিশ্চিত কৰে।
উল্লেখ্য যে ১৮ অক্টোবৰৰ সন্ধিয়া প্ৰায় ৭ বজাত জুহুৰ এটা ফুটবল ক্লাবৰ পৰা ওলাই অহাৰ সময়তে টাইগাৰ শ্ৰফৰ গাড়ীলৈ লক্ষ্য কৰি গুলীচালনা কৰা হৈছিল। এই ঘটনাত অভিনেতাগৰাকী কথমপি ৰক্ষা পৰে যদিও তেওঁৰ চালকজন আহত হয়।
এই ঘটনাৰ প্ৰেক্ষাপটত টাইগাৰ শ্ৰফৰ দলে এক আনুষ্ঠানিক বিবৃতিযোগে স্পষ্ট কৰি দিছে যে অভিনেতাগৰাকীয়ে ঘটনাটো সন্দৰ্ভত কোনো ৰাজহুৱা মন্তব্য কৰা নাই। লগতে, ছ’চিয়েল মিডিয়াত বিয়পি পৰা উৰাবাতৰি বা এ আই জৰিয়তে প্ৰস্তুত কৰা ভুৱা সমলৰ পৰা বিৰত থাকিবলৈ অনুৰোধ জনোৱাৰ লগতে এনে ভুৱা তথ্য প্ৰচাৰ কৰাসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱা হ’ব বুলিও সকীয়াই দিয়া হৈছে।
Original Source: https://assam.nenow.in/tiger-shroff-shooting-case-mumbai-takes-a-new-turn-as-police-allege-another-bollywood-star-was-the-original-target-and-arrest-three-suspects/
Category: Popular Stories,দেশ,শীর্ষ সংবাদ
Tags:
Publish Date: 2026-10-21 07:22:00