
মৰ্মান্তিক পথ দুৰ্ঘটনাৰ ফলত এক পৰিয়ালৰ ৫ জনৰ মৃত্যু
উত্তৰ প্ৰদেশত এক ভয়ংকৰ পথ দুৰ্ঘটনাত এক পৰিয়ালৰ ৫ জন সদস্যৰ মৃত্যু হৈছে। এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত ৮ জন লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। আৰক্ষীৰ সূত্ৰ অনুসৰি, বলৰামপুৰ-বাহৰাইচ ৰাষ্ট্ৰীয় ঘাইপথত এখন গাড়ী আৰু তীব্ৰবেগী ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ ঘটে। বুধবাৰে মাজনিশা সংঘটিত হোৱা এই দুৰ্ঘটনাত ৫ জনৰ অচেতন অৱস্থাত মৃত্যু হয়।
জিলা দণ্ডাধীশ পৱন আগৰৱালাই কৈছে যে, ভূলালিহা গাঁৱৰ এক পৰিয়ালৰ সদস্যৰ বিবাহৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ গৈছিল। এই পৰিয়ালৰ সদস্যসকলে উভতি আহিবলগীয়া সময়ত তেওঁলোকৰ গাড়ীখন দুৰ্ঘটনাৰ সন্মুখীন হয়।
তেওঁ কৈছিল, “এখন দ্ৰুতবেগী ট্ৰাকে সৰু গাড়ীখনত খুন্দা মাৰে। থিতাতে ৫ জনৰ মৃত্যু হয়। আন ৮ জন গুৰুতৰভাৱে আহত হয়। তেওঁলোকক বলৰামপুৰ জিলা চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।”
আৰক্ষী অধীক্ষক বিকাশ কুমাৰে উল্লেখ কৰা মতে, দুর্ঘটনাৰ পিছত ট্ৰাকৰ চালক পলায়ন কৰে। যদিও, ট্ৰাকখন জব্দ কৰা হৈছে। ট্ৰাকৰ মালিক আৰু চালকৰ সন্ধান অব্যাহত আছে আৰু তেখেতক শীঘ্ৰে গ্ৰেপ্তাৰ কৰা হ’ব।
বৃহস্পতিবাৰে পুৱা, জিলা দণ্ডাধীশ আৰু জিলা আৰক্ষী অধীক্ষক চিকিৎসালয়লৈ গৈ আহতসকলৰ স্বাস্থ্যৰ অৱস্থা পৰিদর্শন কৰে আৰু চিকিৎসা সেৱাসমূহৰ পৰ্যবেক্ষণ কৰে।
উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে এই ঘটনাৰ পাছত গভীৰ শোক প্ৰকাশ কৰিছে। মুখ্যমন্ত্রীৰ কাৰ্যালয়ে প্রকাশিত এক পোষ্টত উল্লেখ কৰা হৈছে, “এই ভয়ংকৰ দুৰ্ঘটনাক লৈ মুখ্যমন্ত্ৰীয়ে গভীৰ শোক প্ৰকাশ কৰিছে। আহতসকলৰ চিকিৎসাৰ বাবে সকলো প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ প্ৰয়োজনীয় নিৰ্দেশ দিয়া হৈছে।”
Original Source: https://assam.nenow.in/five-of-a-family-killed-in-an-accident-in-uttar-pradesh-on-returning-from-wedding/
Category: অসম,উত্তৰ-পূব,দেশ,শীর্ষ সংবাদ
Tags:
Publish Date: 2025-05-15 20:12:00

